Blog

Essay on Bihu in Assamese: বিহুৰ ওপৰত ৰচনা

বিহু হ’ল অসমৰ জাতীয় উৎসৱ । বিহু উৎসৱ গোটেই অসম জুৰি পালন কৰা হয় । জাতি  বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে পালন কৰি থাকে বিহু । বিহু অসমৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে পালন কৰি থাকে । বিহু হল অসমৰ এটা সংস্কৃতি, ইয়াক অসমৰ শ্ৰেষ্ঠতম অংগ  বুলিও কব পাৰি । বিহু প্ৰধানত  তিনি  প্ৰকাৰৰ ৰঙালী  বিহু, ভোগালী  বিহু  , কাতি  বিহু ।

ৰঙালী বিহু

ৰঙালী বিহুক ব’হাগ  বিহু বুলিও জনা যায় । এই বিহু ব’হাগ মাহত পালন কৰা হয় । এই বিহু চ’তৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ হয় আৰু ব’হাগ মাহৰ প্ৰথম ছয় দিন মানে মুঠ এক সপ্তহ চলে । প্ৰতেক দিন বেলেক বেলেকৈ জনা যায়। চত শেষ  দিনাখন পালন কৰা গৰু  বিহু, আৰু ক্ৰমে ব’হাগৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হয় মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়াৰী বিহু আৰু শেষ হয়  চেৰা বিহুৰে । চ’তৰ শেষ ‌এই বিহুত বিশেষকৈ নৃত গীতৰ ব্যৱস্থা কৰা হয়, এক আনন্দৰ অনুষ্ঠান ।

গৰু বিহু

Essay on Bihu in Assamese

এই বিহু পালন কৰা হয় চত মাহৰ সংক্ৰান্তিৰ অৰ্থাৎ চত মাহৰ শেষ দিনা । এই গৰু বিহুত গৰুক ৰাতিপুৱা গা ধুৱাই দিয়া হয় , মাহ – হালধীৰে নোৱাই ওচৰৰ নদী বা খাল বিলত গৰুক গা ধুৱাই, এই সময়ত দৃশ্যটো দেখিবলৈ মনোৰম লাগে, সকলোৱে আহে নদীত গৰুক গা ধুৱাই দিব।

মানুহ বিহু

মানুহ বিহু পালন কৰা হয় বহাগৰ প্ৰথম দিনাখন অৰ্থাৎ গৰু বিহুৰ পাছদিনা । এই বিহুত আসমৰ সকলোৱে ৰাতি পুৱা গা পা ধুই নতুন কাপৰ পিন্ধি সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰ আশীৰ্বাদ লয়। মানুহ বিহুৰ দিনা আত্মীয় সজনক উপহাৰ দিয়ে।

গোঁসাই বিহ

গোঁসাই বিহু বহাগ মাহৰ দ্বিতীয় দিনত পালন কৰা হয় । এই বিহুত নাম কীৰ্তন স্তুতি আদি কৰা হয় ।

তাঁতৰ বিহু

 তাঁতৰ বিহু হল ৰঙালী বিহুৰ বা ব’হাগ বিহুৰ চতুৰ্থ দিনাখন পালন কৰা হয়। অসমীয়াৰ তাঁত হল এটা সম্পদ, এই সম্পদক ধৰি ৰাখিবৰ কাৰণে অসমীয়া সমাজৰ প্রতেক ঘৰে ঘৰে তাঁতশাল খনক পূজা অর্চনা আদি কৰি এই দিনটো উৎযাপন কৰা হয় ।

নাঙলৰ বিহু

Essay on Bihu in Assamese: বিহু ওপৰত ৰচনা

অসম হল কৃষক প্ৰধান ৰাজ্য । অসমৰ প্ৰতেক খেতিয়কৰ ঘৰত আপুনি নাঙল নিশ্চয় দেখা পাব। সেয়েহে কৃষিক প্ৰাধান্য দি এই বিহুৰ দিনটো পালন কৰা হয়।

জীয়াৰী বিহু

জীয়াৰী বিহু পালন কৰা হয় ৰঙালী বিহুৰ ষষ্ঠম দিনা  খন । এই বিহুত বিয়া  হোৱা জীয়াৰী বা চেনেহী নিজৰ  দেউতাৰ ঘৰলৈ নিমন্ত্ৰণ খাবলৈ আহে ।

চেৰা বিহু

ৰঙালী বিহুৰ শেষ দিনা পালন কৰা হয়। এই বিহু পালন কৰা ৰঙালী বিহুৰ সপ্তম দিনত। এই বিহুত ঠাই বিশেষ সাতশাকী খোৱাৰ নিয়ম আছে ।

কঙালী বিহু বা কাতি বিহু

কাতি বিহুত কাতি মাহৰ সংক্ৰন্তিৰ দিনা পালন কৰা হয় ।  কঙালীৰ অৰ্থ হৈছে কাঙাল ,  এই সময়ত সকলোৰে ঘৰত ৰখা ধান সব শেষ হয় যোৱাৰ পৰিস্থিতি আহে । এই বিহুত অসমীয়া চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত পাৰ্থনা কৰে । প্ৰতেক ঘৰে ঘৰে তুলসী লগাই তাতে বন্তি দিয়া হয়। কৃষক সকলে প্প খেতিত চাকি দিয়ে । কাতি বিহুৰ দিনৰ পৰা অসমৰ ঘৰে ঘৰে গোটেই আহিন মাহ বন্তি জ্বলাই ৰখা হয় তুলসীৰ ওচৰত আৰু আকাশ বন্তি জ্বলাই ৰখা হয় সম্পূৰ্ণ মাহ ।

মাঘ বিহু বা ভোগালী বিহ

মাঘ বিহু বা ভোগালী পালন কৰা হয়  পূহ মাহৰ শেষ দিনাখন পৰা আৰম্ভ কৰা হয় অৰ্থৎ পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় , এই বিহুত খোৱা লোৱাৰ উৎসৱ বুলিও কব পাৰি। প্ৰতেক জন কৃষকে  ফচল চপাই লয় , এই সময়ত এটা আনন্দৰ পৰিৱেশ হয় যায় প্ৰতেক ঘৰতে । প্ৰতেক ঘৰতে পিঠা ,  দৈ বনুৱা হয় । মাঘ মাহৰ প্ৰথম দিনটোত মেজিত জুই লগাই ভগৱানৰ শৰণ লৈ দিনটো আৰম্ভ হয়। গোটেই বিহুৰ কৰি এই বিহুত আনন্দ বেছি হয়। এই সময়ত কিছু মানে নতুন অন্য বা খেতিৰ ধান ভগৱানক অৰ্পন কৰি খাবলৈ ধৰে । এই সময়ত গাঁৱৰ লৰা সকেলে মিলি ভেলা ঘৰ বা মেজি ঘৰ বুনাৱৰ কাৰণে ধানৰ নৰা খেতিৰ পৰা লৈ আহি আৰু বাঁহেৰে ভেলা ঘৰ বনাই  মাঘ মাহৰ ৰাতি পুৱা জুই লগোৱাৰ কাৰণে । এই ভেলা বা মেজি ঘৰটোক মাঘ মাহৰ প্ৰথম দিন  গাঁৱৰ সকলে ব্যক্তিয়ে গা পা ধুই জুই লগাই দিয়ে আৰু সকলো মিলি ভোজৰ ব্যৱস্থা কৰে। কিছুমান উৰুকা মানে পুহ মাহৰ শেষ দিনাখন ভোজৰ ব্যৱস্থা কৰে আৰু আনন্দ উপভোগ কৰে। বিশেষকৈ সত্ৰ বিলাকত ভোজৰ ব্যৱস্থা কৰা হয় । অসমৰ কিছুমান ঠাইত বিভিন্ন খেলৰ অনুষ্ঠান কৰা হয় যেনে ম’হ  যুঁজ , কুকুৰা যুঁজ , আৰু কিছুমান খেল ধেমালিৰ মাজেৰে মাঘ বিহু পালন কৰা হয়। নৃত্য গীতৰ অনুষ্ঠান সূমহু কৰা হয় এই বিহুত।

সামৰণি

বিহু হল অসমৰ সংস্কৃতি, অলংকাৰ আৰু এক পৰম্পৰা এই পৰম্পৰা বা সংস্কৃতি ধৰি ৰাখিবলৈ সবে মিলি চেষ্টা কৰিব লাগে লগতে এই সংস্কৃতিক বজায় ৰাখিবৰ বাবে আমাৰ সমাজত কিছুমান পদক্ষেপ লোৱা উচিত । এই বিহু জাতি ধৰ্ম নিৰ্বিশেষে পালন কৰি থাকে , বৰ্তমান দেখা যায় অসমৰ পৰা বাহিৰৰ দেশত যোৱা ব্যক্তি সকলোৱে পালন কৰি থাকে বিহু। বিহু বৰ্তমানে Guinness book of world record’ ত নাম ৰাখিছে বিহু নৃত্যত । গতিকে আমি বিহুক আদৰি সামৰি ৰাখিব লাগে ।

HomepageClick Hear
Assamese TranslatorClick Hear

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button